Show/Hide Keyboard Layout

তোমাৰ কথা যেতিয়া ভাবো

- নিৰ্মলপ্ৰভা বৰদলৈ

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে

বিৰিণা বনৰ পাতৰ আগে

বিৰিণা বনৰ পাতৰ আগে

এটোপি নিয়ৰ সৰে

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে ।

 

তুমি যেন দূৰ-দূৰণিত শুনা

ৰিণিকি ৰিণিকি বাঁহী

নিজম ৰাতিৰ সোঁতে সোঁতে

যেন কাষলে আহা ভাহি

হেৰুৱা ফুলৰ সুবাসেৰে

হেৰুৱা ফুলৰ সুবাসেৰে

পদুলি ওপচি পৰে

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে ।

 

তোমাৰ কথা মনত পৰিলে

বুকু যে উৰুঙা লাগে

শুকান পাত উৰুৱাই যেন

এচাটি যেন পচোৱা বলে

বৰ অসহায় অসহায় লাগে

বৰ অসহায় অসহায় লাগে

যেন নিজান মৰুৰ দৰে

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে ।।

Hits: 2234